Local, Vocal, Global

দুদিন ধৰি নিৰুদ্দেশ মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ ৫০ বছৰীয়া মহিলা

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত নাগৰিকৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নোহোৱা হোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে মহানগৰীৰ এগৰাকী ৫০ বছৰীয়া বিবাহিত মহিলা দুুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পূৰবী ৰাজখাঁ নাম মহিলাগৰাকীয়ে পাণ্ডুৰ ইনষ্টিটিউট কলনীৰ পৰা খ্ৰীষ্টান বস্তিৰ ঘৰলৈ আহি থকাৰ পথতে নিৰুদ্দেশ হয়।

পৰিয়ালে ইতিমধ্যে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে, পাণ্ডুৰ ইনষ্টিটিউট কলনীৰ আলহীৰ ঘৰলৈ গৈছিল পূৰবী ৰাজ খাঁই। ০২ ডিচেম্বৰৰ পুৱা প্ৰায় ৭ বজাত আলহীৰ ঘৰৰ পৰা নিজ ঘৰলৈ আহিম বুলি ওলাই আহে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ নাই ৫০ বছৰীয়া মহিলাগৰাকীৰ। পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাত শেষবাৰ কামাখ্যা এলেকাত দেখা পোৱা বুলি জনাই কোনো লোকে।

পৰিয়ালে জনোৱা মতে, নিৰুদ্দেশ পূৰবী ৰাজ খাঁ কিছুদিন ধৰি শাৰীৰক আৰু মানসিক ভাৱে অসুস্থ হৈ আছিল। মহিলাগৰাকী হঠাতে এনেদৰে অন্তৰ্ধান হোৱাত দু:চিন্তাত সময় পাৰ কৰিছে খ্ৰীষ্টান বস্তিৰ পৰিয়ালটোৱৈ। কোনো লোকে মহিলাগৰাকীৰ সম্ভেদ পালে ৯০৮৫০৩৩৩৩০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।