Local, Vocal, Global

১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰীৰ আৰম্ভ-অসম চৰকাৰ

নিউজ ডেস্ক,১৭ জানুৱাৰী: সকলো পুৰণি ফাইল নিষ্পত্তি কৰাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰী কৰিব। এই সন্দৰ্ভত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা কয়।

১০ মে’, ২০২২-ৰ ভিতৰত সকলো পুৰণি ফাইল (অৰ্থাৎ মে’ ২০২১-ৰ আগৰ) নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিষ্পত্তি কৰাৰ এই প্ৰচেষ্টাই নাগৰিকসকলক সকাহ প্ৰদান কৰিব। এই প্ৰচেষ্টা নাগৰিকসকলৰ সচিবালয়লৈ অহা-যোৱা হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হিচাপে বিবেচিত হ’ব।

১০ মে’, ২০২২ত সদ্ভাৱনা প্ৰকল্পৰ সফল সামৰণিৰ পাছত অসম চৰকাৰে ই-অফিচ প্ৰণালী ৰূপায়ণ আৰম্ভ কৰিব। ১০ মে’, ২০২৩-ৰ ভিতৰত আমি ‘জনতা ভৱন‘ত ই-অফিচ প্ৰণালী সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰিছোঁ। মই সমূহ বিষয়া-কৰ্মচাৰীক এই পৰিৱৰ্তনৰ অংশ হ’বলৈ আৰু জনসাধাৰণৰ সেৱাত সমৰ্পিত হ’বলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ।

এই অনুষ্ঠানত মাননীয় মুখ্য সচিব শ্ৰীজিষ্ণু বৰুৱা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল।