১৪ গৰাকী পত্নীক এৰি জেল যাত্ৰা ৬০ বছৰীয়া বৃদ্ধ

নিউজ ডেস্ক: ৭ খন ৰাজ্যত ১৪ গৰাকী মহিলাক প্ৰবঞ্চনাৰে বিয়া পাতি এতিয়া আৰক্ষীৰ জালত পৰিছে এজন ৬০ বছৰীয়া বৃদ্ধ। Matrimonial Site ত নিজকে চিকিৎসক বুলি পৰিচয় দি এজনীৰ পিছত আন জনী উচ্চশিক্ষিত মহিলা বিয়া পাতিছিল ৰমেশ নামৰ অভিযুক্ত গৰাকীয়ে।

ইফালে, সোমবাৰে ভুৱনেশ্বৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬০ বছৰীয়া বৃদ্ধ গৰাকীক। অভিযুক্ত ৰমেশৰ ঘৰ ওড়িশাৰ কেন্দ্রপাৰা জিলাৰ আৰু আৰক্ষীয়ে জনোৱা মতে তেওঁ প্ৰতিগৰাকী পত্নীৰ পৰা মোটা অংকৰ ধন লৈ অন্তৰ্ধান হয়।
উল্লেখ্য যে, ভুৱনেশ্বৰ আৰক্ষীৰ উপ আয়ুক্ত উমাশংকৰ দাসে জনোৱা মতে বৃদ্ধ ৰমেশে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল ১৯৮২ চনত, দ্বিতীয়বাৰ বিয়া পাতিছে ২০০২ চনত। দুই বিবাহৰ পৰা ৫ সন্তানৰ পিতৃ প্ৰবঞ্চক ৰমেশ। ইয়াৰ পিছতেই নিজকে চিকিৎসক বুলি পৰিচয় দি অধিবক্তা, চিকিৎসক, অৰ্ধসামৰিক বাহিনীত কৰ্মৰত বিষয়া আদিক জালত পেলাইছিল ৰমেশে। ইফালে, এগৰাকী ভুক্তভোগী অসমৰ বুলিও জানিব পৰা গৈছে।
আনহাতে,২০১৮ চনত দিল্লীৰ এগৰাকী শিক্ষয়িত্ৰীৰ লগত অন্তিমখন বিবাহ সম্পন্ন কৰে। এইগৰাকী ভুক্তভোগীয়ে পূৰ্বৰ বিয়াবোৰৰ উমান পাবলৈ সক্ষম হৈ আৰক্ষীৰ কাষ চাপে। লগতে আৰক্ষীয়ে ব্যক্তিজনৰ পৰা ১১খন এটিএম কাৰ্ড আৰু ৪খন আধাৰ কাৰ্ডো জব্দ কৰিছে।