ASTCৰ ৭০০ কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ
নিউজ ডেস্ক, ৩০ জানুৱাৰী :অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭০৩ গৰাকী কৰ্মচাৰীয়ে একেলগে একেসময়তে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ। ইতিমধ্যে অৱসৰৰ এই আবেদন পৰিছে মুখ্যমন্ত্ৰীৰ হাতত ।কিন্তু একেলগে ৭০৩ গৰাকী কৰ্মচাৰীয়ে অৱসৰ ল’লে একপ্ৰকাৰ অচল হৈ পৰিব পৰিবহণ নিগম ।আজিৰ তাৰিখত নিগমত নিযুক্ত হৈ আছে অস্থায়ী ভিত্তিত প্ৰায় দুই সহস্ৰাধিক কৰ্মচাৰী । বিগত কেইবা বছৰ ধৰি ৰাজ্যিক পৰিবহণ নিগমত স্থায়ী পদত কোনো ধৰণৰ নতুন নিযুক্তি হোৱাই নাই । যাৰ বাবে আজিও নিগমত খালি হৈ আছে শতাধিক পদ । আনহাতে অস্থায়ী ভিত্তিত নিযুক্ত এইসকল কৰ্মচাৰীয়ে বিগত বছৰৰ পিছত বছৰ ধৰি ৮,৫০০ ৰ পৰা ১৪,০০০ টকা দৰমহাৰ বিনিময়ত চাকৰি কৰি আহিছে ।অস্থায়ীভাৱে নিযুক্ত এইসকল কৰ্মচাৰীৰ চাকৰি আজি পৰ্যন্ত নিয়মীয়া নোহোৱাত একেলগে ৭০৩ গৰাকী কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ । আনহাতে, গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা বহু কৰ্মচাৰীয়ে অৱসৰৰ পিছত লাভ কৰিবলগীয়া ধনো লাভ কৰা নাই । কিস্তি হিচাপত হে এইসকল কৰ্মচাৰীক প্ৰাপ্য ধন পৰিশোধ কৰি থকা হৈছে ।এই পৰ্যন্ত ২০১৬ চনত অৱসৰ লোৱা কৰ্মচাৰীক মাত্ৰ ৪০ শতাংশ ধন হে আদায় দিয়া হৈছে । একেদৰে ২০১৭ ত অৱসৰ লোৱা কৰ্মচাৰীক আদায় দিয়া হৈছে ২৫ শতাংশ ধন । ২০১৯ ত অৱসৰ লোৱা সকলক ১৫ শতাংশ আৰু ২০২০ ত অৱসৰ লোৱা সকলক এই পৰ্যন্ত ১০ শতাংশ ধন হে পৰিশোধ কৰা হৈছে ।