সৰুপেটাত ভৱানীপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ শুভ উদ্বোধন

নিউজ ডেস্ক: ৪১নং ভৱানীপুৰ সমষ্টিত আজিৰে পৰা সূচনা হল এক নৱ যুগৰ । সমষ্টিবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰূপে বিবেচিত হৈ আছিল যে এই বিধানসভা সমষ্টিটোত এটা উন্নয়ন খণ্ড নাছিল । উন্নয়ন খণ্ডলৈ যাব লাগিলে সমষ্টিবাসীয়ে বাক্সা জিলাৰ জালাহ উন্নয়ন খণ্ড বা বৰপেটা জিলাৰ হাউলীস্থিত উন্নয়ন খণ্ডলৈ যাব লগা হৈছিল । বিগত নিৰ্বাচনত সমষ্টিবাসীৰ বাবে এই উন্নয়ন খণ্ডৰ বিষয়টো মূল নিৰ্বাচনী ইচ্ছু ৰূপে বিবেচিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই প্ৰতিশ্ৰুতি দিছিল যে ভৱানীপুৰত শীঘ্ৰেই এটা উন্নয়ন খণ্ড স্থাপন কৰা হব । মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু বিধায়ক ফণীধৰ তালুকদাৰৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্ততঃ আজি সৰুপেটাত ভৱানীপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয় । উন্নয়ন খণ্ডৰ কাৰ্যালয় উদ্ধোধন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে । এই অনুষ্ঠানত উপস্থিত থাকে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী লগতে বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ চিকাৰীয়া ।