Local, Vocal, Global

সৰস্বতী পূজা উদযাপনৰ বাবে নাথাকে কোনো নতুন sop: কেশৱ মহন্ত

গুৱাহাটী, ৩০ জানুৱাৰীঃএইবাৰ সৰস্বতী পূজা উদযাপনৰ বাবে নাথাকে কোনো sop । শিক্ষানুষ্ঠানত সৰস্বতী পূজা পালনত নাথাকিব কোনো বাধা। বোকাখাতত এই কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

তেওঁ কয়, শিক্ষানুষ্ঠান সৰস্বতী পূজা পালনত নাই কোনো বাধা। ক’ভিত থাকিলেও নাহে কোনো নতুন sop । কিন্তু চলি থকা sop পালন কৰিব লাগিব সকলোৱে।

চৰকাৰ আৰু প্ৰশাসনে জাৰি কৰা নিয়ম অনুসাৰে পালন কৰিব পাৰিব সৰস্বতী পূজা। পহিলা ফেব্ৰুৱাৰীত ঘোষণা হʼব লগা নতুন sopত সৰস্বতী পূজা বাবে নাথাকিব বিশেষ বাধা।