স্কুল-কলেজত ধৰ্মীয় পোছাক পিন্ধাত নিষেধাজ্ঞা আৰোপ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ
নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী: হিজাব বিতৰ্কক কেন্দ্ৰ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। মুখ্য ন্যায়াধীশ ৠতুৰাজ অৱস্থি আৰু ন্যায়াধীশদ্বয় কৃষ্ণ এছ দীক্ষিত আৰু খাজি জয়বুনেছা মহিউদ্দিনৰ নেতৃত্বত গঠিত হোৱা তিনিজনীয়া বিচাৰপীঠে কয় যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাজ্যখনৰ স্কুল-কলেজকে ধৰি শিক্ষানুষ্ঠানত ধৰ্মীয় পোছাক পিন্ধিব নোৱাৰিব। তিনিজনীয়া বিচাৰপীঠে ১৪ ফেব্ৰুৱাৰীলৈ শুনানি স্থগিত ৰাখে আৰু সেইদিনাই পৰৱৰ্তী চূড়ান্ত ৰায়দানৰ সম্ভাৱনা আছে। বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে হিজাব বিতৰ্কক কেন্দ্ৰ কৰি স্কুল কলেজসমূহ বন্ধ ৰখাটো অনুচিত গতিকে চৰকাৰে অতি শীঘ্ৰেই পাঠদান আৰম্ভ কৰিব আৰু যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।