Local, Vocal, Global

সোণাৰিত নিজ মাতৃয়ে পুতি থলে নৱজাতক সন্তানক

মৃত্যুঞ্জয় দাস, সোণাৰিঃ সোণাৰিত সংগঠিত হৈছে এক জঘন্য হত্যাকাণ্ড। নিজ মাতৃয়ে জীৱন্তে পুতি থলে নৱজাতক সন্তানক। চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত গঞ্জুপাৰাত সংগঠিত হৈছে গাৰ নোম শিয়ৰি উঠা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। মমতা গগৈ নামৰ পাষান হৃদয়ৰ মাতৃয়ে নিজৰ নৱজাত সন্তানটোক স্বামীৰ অজ্ঞাতে জীৱন্তে ঘৰৰ পাছফালে গাঁত খান্দি পুতি থয়। প্ৰতিবেশী এগৰাকী মহিলাৰ সন্দেহ হোৱাত মমতা গগৈৰ ঘৰৰ পাছফালে খান্দি থোৱা স্থানত পুতি থোৱা অৱস্থাত শিশুটি উদ্ধাৰ কৰে। অৰ্ধ মৃত অৱস্থাত উদ্ধাৰ কৰা শিশুটি পাছত মৃত্যু হয়। ইতিমধ্যে স্বামী ৰূপন গগৈ আৰু মমতা গগৈক আৰক্ষীয়ে কৰি সোধ-পোছৰ জেৰা অব্যাহত ৰাখিছে।