সোণতলীৰ জাওকাটাদিয়াত বন বিভাগৰ যৌথ অভিযান ,অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং শাল আৰু চেগুন কাঠৰ কুণ্ডা
ধনমনি মেধি,বকো,২ ফ্ৰেব্ৰুৱাৰীঃবনজ সম্পদৰ অবৈধ সাম্ৰাজ্য উৎখাতৰ বাবে এতিয়া নামি পৰিছে পশ্চিম কামৰূপৰ বনৰক্ষী বাহিনী ৷ ডিএফঅ ডিম্পী বৰাই দিনে নিশাই অবৈধ কাঠ ব্যাসায়ৰ বিৰুদ্ধে চলাই আহিছে অভিযান ৷ দক্ষিণ- পশ্চিম এলেকাত দীৰ্ঘদিন ধৰি কাঠৰ চোৰাং ব্যৱসায় চলি অহা অৱস্থাত আজিও পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ ‘নগৰবেৰা আৰু বন্দাপাৰৰ ৰেঞ্জাৰৰ নেতৃত্বত বকোৰ জাওঁকাটাত বনৰক্ষী বাহিনীয়ে চলায় যৌথ অভিযান ৷ এটা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে চলিল এই অভিযান ৷ অভিযানৰ আগতীয়া উমান পাই কাঠফলা মেচিন স্থানান্তৰ কৰিলে মালিকে ৷ মেচিন জব্দ কৰাত ব্যৰ্থ হলেও বনৰক্ষী বাহিনীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ ফলা কাঠৰ লগতে বৃহৎ পৰিমানৰ চোৰাং কাঠৰ কুণ্ডা ৷ পিচত জব্দকৃত কাঠখিনি বন বিভাগে নগৰবেৰালৈ লৈ যায় ৷