সাহিত্য সমালোচক, অনুবাদক, সমাজকৰ্মী পংকজ ঠাকুৰৰ বিয়োগ-মুখ্যমন্ত্ৰীৰ শোকবাৰ্তা
নিউজ ডেস্ক, ১৭ ফ্ৰেব্ৰুৱাৰীঃ বিশিষ্ট সাহিত্যিক, সমালোচক, অনুবাদক, সমাজকৰ্মী তথা সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী পংকজ ঠাকুৰ ডাঙৰীয়াই আজি শেষ নিশ্বাস ত্যাগ কৰে। পংকজ ঠাকুৰৰ মৃত্যুত অসমৰ সাহিত্য জগতখনত শোকৰ ছাঁ পৰিছে। লগতে অসম সাহিত্য সভাৰ লোকসকলেও শোক প্ৰকাশ কৰিছে।
বিশিষ্ট সাহিত্যিক পংকজ ঠাকুৰৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে। লগতে কয় যে,”সাহিত্য সেৱাত দীৰ্ঘদিন ধৰি নিৰলসভাৱে ব্ৰতী হৈ থকা পংকজ ঠাকুৰৰ বিয়োগত অসমীয়া সাহিত্য জগতে এগৰাকী নিষ্ঠাবান সাহিত্যসেৱী হেৰুৱালে। তেখেতৰ অৱদানৰাজি স্মৰণীয় হৈ থাকিব।” শেষত প্ৰয়াত ঠাকুৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগত শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।