সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান

দেৰগাঁও,৮ এপ্ৰিল : দেৰগাঁৱৰ প্ৰবীণ সাংবাদিকৰ বাস গৃহত চুৰি কাণ্ড। শিঙৰাজানৰ প্ৰয়াত সাংবাদিক উৎপল কলিতাৰ বাসগৃহত সংঘটিত হয় এই ঘটনা। বাসগৃহটোত প্ৰয়াত সাংবাদিক গৰাকীৰ শিক্ষয়িত্ৰী পত্নী ৰাণী কলিতা অকলেই বাস কৰে। পুত্ৰ অংকুৰ কলিতা
এটা ব্যক্তিগত চেনেলৰ সাংবাদিক নতুন দিল্লীত থাকে।দেওবাৰে বিয়লি প্ৰয়াত সাংবাদিক উৎপল কলিতাৰ পত্নী জী-জোঁৱাইৰ লগত বজাৰ কৰিবলৈ গোলাঘাটলৈ যাঁওতেই সংঘটিত হয় এই চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগত খিড়ীকিৰ গ্ৰীল ভাঙি চোৰে ঘৰটোত প্ৰৱেশ কৰি ষ্টীলৰ আলমাৰী ভাঙি প্ৰায় চাৰিতোলা ওজনৰ সোণৰ অলংকাৰৰ লগতে নগদ প্ৰায় চল্লিশ হাজাৰ টকা লৈ উধাও হয়।
বজাৰৰ পৰা ঘুৰি আহি এই দৃশ্য দেখি দেৰগাঁও আৰক্ষীক খবৰ দিয়ে পৰিয়ালটোৱে। ইতিমধ্যেই আৰক্ষীয়ে এই চুৰিকাণ্ডৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।দিনৰ ভাগতে এনে ঘটনা সংঘটিত হোৱাত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলবাসী।