সমাধান হ’বনে আলফা সমস্যা

নিউজ ডেস্ক: চাণক্য নীতি অনুসৰণ কৰি ৰাজ্যৰ ৰাজনীতিৰ এগৰাকী বলিষ্ঠ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰাই বিভিন্ন ছিণ্ডিকেট, ভূ-মাফিয়া, ড্ৰাগছ সৰবৰাহকাৰী আদিৰ কৱলৰ পৰা অসমক ৰক্ষা কৰিবলৈ শূন্য সহনশীল নীতি অবলম্বন কৰিছে বুলি শাসকীয় দল বিজেপিয়ে সততে প্ৰচাৰ চলাই থাকে।
বিগত সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে দুলীয়াজানত আৰক্ষী অধীক্ষকৰ সমাৰোহ সম্পন্ন হৈ গ’ল। এই সমাৰোহত আৰক্ষীৰ বহুতো শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে সাম্প্রতিক সময়ত অসমৰ আইন প্ৰশাসন ব্যবস্থাৰ সৰ্বাংগিন উন্নয়ন আৰু উত্তৰণৰ বহু কথায় পৰ্যালোচনা কৰিলে। আৰু অসম আৰক্ষীত এক বৃহৎ নিযুক্তিৰ কথা ঘোষণা কৰে। কালি এই বৈঠকৰ পাছত সন্ধিয়া দুলীয়াজানত মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰে।
এই সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমত আলফা সমস্যা সমাধানৰ বাবে কিছু কথা উল্লেখ কৰি কয় যে, “আলফা সমস্যা সমাধানৰ প্ৰক্ৰিয়াটো লাহে লাহে আগবঢ়াটো মই বিচাৰো, বিষয়টো কঠিন” এতিয়া লক্ষণীয় কথাটো হ’ল সঁচাকৈয়ে মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে আলফা সমস্যা সমাধানৰ বিষয়টো কঠিন নেকি। চৰকাৰৰ সৈতে আলোচনাত কেতিয়া মিলিত হ’ব আলোচনাপন্থী আলফা নেতা সকল। মুখ্যমন্ত্রীৰ আহ্বান মৰ্মে পৰেশ বৰুৱাই যুদ্ধ বিৰতি ঘোষণা কৰিব নে?
ইপিনে পৰেশ বৰুৱাই বিগত কেইদিনমান আগত মন্তব্য কৰে যে “এই খন চৰকাৰে আলফা সমস্যা সমাধানৰ বিষয়টোত গুৰুত্ব দিব” সঁচাকৈয়ে বৰ্তমানৰ চৰকাৰে বিষয়টোত গুৰুত্ব দিবনে? নে পূৰ্বৰ চৰকাৰ সমুহৰ দৰে চকুমুদা কুলিৰ ভাও কৰি কাৰ্যকাল পাৰ কৰিব, যাৰ ফলস্বৰূপে পাহুৱাল অসমীয়া ডেকা ল’ৰাই হাতত অস্ত্ৰ তুলি লৈ জংঘলত প্ৰৱেশ কৰিয়েই থাকিব।