Local, Vocal, Global

সংবাদকৰ্মী ডলী হাজৰিকাৰ মৃত্যু,বাছৰ খুন্দাত,অকালতে প্ৰাণ গ’ল ডলী হাজৰিকাৰ।

ভয়ংকৰ দুৰ্ঘটনাই অকালতে প্ৰাণ কাঢ়ি নিলে সংবাদকৰ্মী ডলী হাজৰিকাৰ।নিশা বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা ।এখন তীব্ৰবেগী আলট্ৰা বাছে মহতিয়াই নিয়াৰ ফলত মৃত্যু হয় সংবাদকৰ্মী ডলী হাজৰিকাৰ।পিতৃৰ সৈতে ঘৰৰ পৰা ওলাই আহিছিল বাহিৰলৈ।

বিবাহ যাত্ৰী কঢ়িয়াই নিয়া বাছখনে মহতিয়াই নিয়ে পিতৃ-কন্যাক ।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ডলীৰ পিতৃ দিলীপ হাজৰিকা।আহত দিলীপ হাজৰিকা বৰ্তমান চিকিৎসাধীন।দুৰ্ঘটনাত সংঘটিত কৰি পলায়ন কৰে বাছখনৰ চালকজন।

উল্লেখযোগ্য যে গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল ডলী। ছুটী লৈ ঘৰলৈ গৈছিল যুৱতীগৰাকী। সন্ধিয়া পিতৃৰ সৈতে ঘৰৰ পৰা কোনো কামত ওলাই আহিছিল ডলী। সেই সময়তে তীব্ৰবেগী বাছখনে মহতিয়াই নিয়ে পিতৃ–কন্যাক।