শ্বেৰমানে সত্ৰৰ খুঁটিত লঠিওৱা নাই,সত্ৰৰ ভকতৰ বুকুত লঠিয়াইছে:সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মা
গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃশ্বেৰমান আলীৰ মন্তব্যই আকৌ জ্বলাইছে ৰাজ্য।বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে দীৰ্ঘদিন ধৰি অসমীয়া জাতিৰ বিৰোদ্ধে অৱস্থান গ্ৰহণ কৰি আহিছে।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰাৰ পিছতে তেওঁ ছহিদৰ বিষয়েও অপমানসূচক মন্তব্য কৰিছিল।
এইবাৰ সত্ৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ লগতে প্ৰশাসনে উচ্ছেদৰ বাবে পোতা খুঁটি নিজেই উভালি বিতৰ্কৰ সূচনা কৰিছে বিতৰ্কিত বিধায়কগৰাকীয়ে।শ্বেৰমান আলী আহমেদৰ প্ৰৰোচিত মন্তব্যৰ লগতে সত্ৰৰ খুঁটি লঠিয়াই উভালি পেলোৱা কাণ্ডত দুখ প্ৰকাশ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মাৰ।
শ্বেৰমান আলীৰ বাবেই সত্ৰাধিকাৰ হিচাপে প্ৰথমবাৰলৈ থানালৈ যাব লগা হ’ব বশিষ্ঠ দেৱশৰ্মা।বৰপেটা থানাত শ্বেৰমানৰ বিৰুদ্ধে গোচৰ তৰি সত্ৰাধিকাৰজনে প্ৰকাশ কৰিলে দুখ।বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মাই শ্বেৰমানৰ বক্তব্যক অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি কয় যে,”শ্বেৰমান আলী আহমেদে সত্ৰৰ খুঁটিত লঠিওৱা নাই, সত্ৰৰ ভকতৰ বুকুত লঠিয়াইছে।”