Local, Vocal, Global

শ্বিলং চেম্বাৰ কয়াৰৰ প্ৰতিষ্ঠাপক নীল নংকিৰিহৰ 52 বছৰ বয়সত মুম্বাইত মৃত্যু হয়

নিউজ ডেস্কঃ কিছু সময়ৰ অসুস্থতাৰ পিছত শ্বিলং চেম্বাৰ কয়াৰৰ প্ৰতিষ্ঠাপক আৰু প্ৰসিদ্ধ সংগীত ৰচয়িতা নীল নংকিনৰিহৰ বুধবাৰে মুম্বাইৰ ৰিলায়েন্স চিকিৎসালয়ত মৃত্যু হয়।

তেখেতৰ মৃত্যুৰ পিছত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই টুইট যোগে শোক প্ৰকাশ কৰি কয়: “বিখ্যাত শ্বিলং চেম্বাৰ কয়েৰ প্ৰতিষ্ঠাপক পদ্মশ্রী নীল নংকিৰিহৰ আকস্মিক মৃত্যুত মই যথেষ্ট দুখিত। তেঁও য’তেই পৰিৱেশন কৰিছিল তাতেই জনসমাগম কঢ়িয়াইছিল। আমি আজি এটা ৰত্ন হেৰুৱাইছো।”

উল্লেখ্য যে 2015 চনত, নংকিৰিহক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল ।