শোকাৱহ ঘটনা : ৰে’লৰ খুন্দাত মৃত্যু গজৰাজৰ

বুধবাৰে মাজনিশা কামৰূপ জিলাৰ কামাখ্যা-যোগীঘোপা ৰে’লৱে ট্ৰেকত সংঘটিত হয় এক শোকাৱহ দূৰ্ঘটনা। মালবাহী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱাই এটি বন্যহস্তীয়ে, আনহাতে আন এটি বন্যহস্তী আঘাতপ্ৰাপ্ত হয়।
খবৰ অনুসৰি, হাতীৰ জাক এটিয়ে ৰে’লৱে ট্ৰেক পাৰ হৈ থকা সময়ছোৱাতে উক্ত দূৰ্ঘটনাটো সংঘটিত হয়। উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতেই বন বিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত গৈ উপস্থিত হয়।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পূৰ্বতে উক্ত ঠাইখিনি বন্যহস্তীৰ আহ – যাহৰ বাবে যথেষ্ট মুকলি আছিল। যাৰফলত বৰ্তমানো বন্যহস্তীবিলাকে যিকোনো সময়তে সেইটো পথেৰে খাদ্যৰ সন্ধানত বিচৰণ কৰে। ৰে’লৱে কৰ্তৃপক্ষই কোনো চাইনবোৰ্ডৰ জৰিয়তে এই বিষয়ে অৱগত কৰোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে উল্লেখ কৰে। ইয়াৰ উপৰিও সেই অঞ্চলটোৰে যোৱা ৰে’ল সমূহ কম স্পীডত চলাৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁলোকে দাবী জনায়।