শিলচৰ সমষ্টিৰ সাংসদে ত্যাগ কৰিলে পিএছঅ’,এছকৰ্ট, গৃহৰক্ষী জোৱান

নিউজ ডেস্ক,৩জানুৱাৰী: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পি এছঅ’ ত্যাগ কৰাৰ বাবে মন্ত্ৰী সাংসদৰ প্ৰতি জনোৱা আহ্বানৰ পিছতে টুইটাৰ যোগে নিজৰ সুৰক্ষাত নিয়োজিত সকলো অসম আৰক্ষী জোৱানক দ্বায়িত্বৰ পৰা অব্যাহতি দিয়াৰ কথা সদৰী কৰে সাংসদ গৰাকীয়ে।টুইটাৰত তেওঁ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বিপ কৌৰ ধীলনলৈ এই সন্দৰ্ভত লিখা এখন পত্ৰও শ্বেয়াৰ কৰে।যত তেঁও যোৱা ৩ বছৰে শ্ৰদ্ধা আৰু সন্মানেৰে তেওঁক নিৰাপত্তা প্ৰদান কৰা আৰক্ষী জোৱান সকলক ধন্যবাদ জনায় আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।