Local, Vocal, Global

লুধিয়ানা আদালতত বিস্ফোৰণ: ২ জন নিহত। 

লুধিয়ানা আদালতত বিস্ফোৰণ: ২ জন নিহত। নিউজ ডেস্কঃ পঞ্জাৱৰ cৰ এখন আদালত চৌহদত হোৱা বিস্ফোৰণত দুজন লোক নিহত আৰু চাৰিজন গুৰুতৰভাৱে আহত হয়। মুখ্যমন্ত্রী চৰণজিৎ চান্নীয়ে কৈছিল যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে চহৰখনত আইন-শৃংখলা ব্যাহত কৰিবলৈ এই বিস্ফোৰণ সংঘটিত কৰা হৈছে।

খৱৰ অনুসৰি বিস্ফোৰণটো ভৱনটোৰ দ্বিতীয় মহলাত এটা বাথৰুমৰ ভিতৰত দুপৰীয়া ১২:২২ বজাত সংঘটিত হৈছিল । বিস্ফোৰণটোৱে বাথৰুমৰ দেৱালবোৰ ক্ষতিগ্রস্ত কৰে আৰু ভৱনটোৰ এটা অংশ ছিঙি যায়, লগতে ওচৰৰ কোঠাবোৰৰ কাঁচ ভাঙি পেলায়। আদালতত কাম চলি থকাৰ মাজতে এই বিস্ফোৰণ সংঘটিত হৈছিল।

আঘাতপ্রাপ্ত লোকসকলক ভৱনটোৰ পৰা বাহিৰলৈ যোৱা হৈছে আৰু আৰক্ষীয়ে কমপ্লেক্সৰ পৰা লোকসকলক আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে। যিহেতু বিস্ফোৰণটো লুধিয়ানা চহৰৰ জিলা আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ওচৰৰ এটা অট্টালিকাত সংঘটিত হৈছে সেয়েহে এই ঘটনাটোৱে এক বৃহৎ নিৰাপত্তা ৰক্ষাৰ ক্রটি উন্মোচন কৰিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বা এন আই এৰ এটা দল বিস্ফোৰণস্থলীলৈ প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্রী চৰণজিৎ চান্নীয়ে বিস্ফোৰণটোক গৰিহণা দিয়ে আৰু মানুহক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে। তেঁও কয়, “ৰাজ্যখনৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। “