লামডিঙত বিজেপিৰ গুণ্ডাৰাজ-প্ৰদ্যুত বৰদলৈ
নিউজ ডেস্ক, ১৭ ফ্ৰেব্ৰুৱাৰীঃ পৌৰসভা নিৰ্বাচনক লৈ লামডিঙত চলিছে গৰম বতাহ। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত লামডিং থানাত এজাহাৰ দাখিল কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে লামডিঙত কংগ্ৰেছী প্ৰাৰ্থীৰ খবৰ ল’বলৈ উপস্থিত হয় নগাঁও সাংসদ প্ৰদ্যুত বৰদলৈয়ে।
সাংসদগৰাকীয়ে লামডিঙত উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, বিজেপিৰ একাংশ মাফিয়াই লামডিঙত গুণ্ডাৰাজ চলাইছে। এই গুণ্ডাবাহিনীয়ে ১৩ নম্বৰ ৱাৰ্ড আৰু ১৪ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি প্ৰদান কৰে।
ইপিনে লামডিঙ সম-মণ্ডলৰ সম্পাদক অনিমেশ মিশ্ৰই সাংসদগৰাকীক প্ৰত্যুত্তৰ দি কয় যে- “গুণ্ডাবাহিনী বুলিলে কংগ্ৰেছক বুজাই, কংগ্ৰেছৰ দিনতেই গুণ্ডাগিৰি মাফিয়াৰাজ চলিছিল বাবেই ৰাইজে বিপুল ভোট প্ৰদান কৰি বিজেপিক জয় কৰিছে। অভিযোগ দিলেই নহ’ব, প্ৰমাণ দিব লাগিব কাৰণ অভিযোগত আমিও ক’ব পাৰো ৰাজ্যত অবৈধ কয়লা প্ৰদ্যুত বৰদলৈৰ ছত্ৰছায়াত হৈছিল।”