লতা মংগেশকাৰৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যসভাৰ কাৰ্যক্ৰম এঘণ্টাৰ বাবে স্থগিত
গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ ভাৰতৰত্ন কোকিলকণ্ঠী লতা মংগেশকাৰৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই সোমবাৰে ৰাজ্যসভাৰ কাৰ্যক্ৰম এঘণ্টাৰ বাবে স্থগিত ৰখা হয়।
সদনত সকলো সাংসদে পুৱা ১০ বজাত সমবেত হোৱাৰ পিছতে অধ্যক্ষ ভেংকায়া নাইডুৱে লতা মংগেশকাৰৰ মৃত্যুত দুখ প্ৰকাশ কৰে। তেওঁ কয় যে, “লতা মংগেশকাৰৰ গান গোৱাৰ দক্ষতা আমাৰ দেশৰ বাবে এক গৌৰৱৰ বিষয়। লতা মংগেশকাৰে আমাক সামূহিকভাৱে আৰু প্ৰত্যককে প্ৰতিনিধিত্ব কৰি একতাৰ জড়িত বান্ধি ৰাখিছে। বহুতো ভাষাত তেওঁৰ হাজাৰ হাজাৰ সুমধুৰ গানৰ জৰিয়তে পুৰণি সোণালী গীতৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ উপৰিও, তেওঁ সাত দশকতকৈও অধিক সময় ধৰি আমাৰ দেশৰ প্ৰতিটো মনোভাৱ, মুহূৰ্ত আৰু যাত্ৰা সুচাৰুৰূপে কঢ়িয়াই আনিছে। স্বাধীনতাৰ ৭৫ তম বৰ্ষত তেওঁৰ মৃত্যুত ভাৰতবাসী নিৰৱ হৈ পৰিছে।”