Local, Vocal, Global

লখিমপুৰ লালুকৰ কৰুণাবাৰী কৃষি ফাৰ্মত হৰিণা পহু উদ্ধাৰ

গুৱাহাটী.: লালুকৰ কৰুণাবাৰী কৃষি ফাৰ্মত উদ্ধাৰ কৰা হৈছে এটা হৰিণা পহু।খেতি পথাৰত কৰ্মৰত লোকে প্ৰত্যক্ষ কৰে হৰিণা পহুটো।সম্ভৱত খাদ্যৰ সন্ধানত অহা পহু টোক ৰশ্মি বৰা নামৰ মহিলা গৰাকীয়ে গৰুক পানী খুৱাই থাকোতে প্ৰথমতে প্ৰত্যক্ষ কৰে।

পিছত ববুল শইকীয়া নামৰ ব্যক্তিজনে নিজ প্ৰচেষ্টাৰ বলত লোণপানী জানৰ পাৰত উদ্ধাৰ কৰে পহুটো,, বনাঞ্চল ধ্বংসৰ ফলত খাদ্যৰ সন্ধানত পহুটো ৰঙা ডি ৰিজাৰ্ভৰ পৰা প ওলাই অহা বুলি সন্দেহ একাংশ ৰাইজৰ।আৰক্ষী আৰু বন বিভাগৰ লোকে বিভাগীয় কাৰ্যপন্থাৰ বাবে বন কাৰ্য্যলয়লৈ লৈ যায় পহুটোক।