লকডাউনত স্বাৱলম্বী হ’ল নবৌয়েক আৰু ননদ:এবছৰতে উপাৰ্জন ১০ লাখ টকা

নিউজ ডেস্ক,৮ জানুৱাৰী: এহাল নবৌ আৰু ননদে মিলি আৰম্ভ কৰিছে আচাৰৰ ব্যৱসায়। তেওঁলোকৰ আচাৰে সকলোৰে পৰা সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে সমগ্ৰ দেশজুৰি এই আচাৰৰ সোৱাদ দিয়াৰ মন বান্ধিছে। বিহাৰৰ দৰভাঙা জিলাৰ ৫২ বছৰীয়া কল্পনা আৰু ৫১ বছৰীয়া উমা ঝাই অনলাইন আচাৰৰ ব্যৱসায় আৰম্ভ কৰিছে। তেওঁলোকৰ আচাৰব্ৰেণ্ডৰ নাম ‘ঝাজী পিকল'(Jhaji Pickle)। উমা এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু কল্পনা গৃহিণী। দুয়ো সম্পৰ্কত নবৌয়েক আৰু নন্দেক। কল্পনা আৰু উমাৰ হাতৰ আচাৰৰ সোৱাদ আজি সমগ্ৰ দেশে লৈ আছে।
কোভিডৰ বাবে জাৰি কৰা লকডাউনৰ সময়ত দুয়ো তেওঁলোকৰ ঘৰৰ পৰা আচাৰ আৰু চাটনি ব্যৱসায় আৰম্ভ কৰে আৰু বৰ্তমান সময়ত তেওঁলোকে নিজা ৱেবছাইটত ভিন্ন প্ৰকাৰৰ আচাৰৰ অৰ্ডাৰ লাভ কৰে। এই দুই মহিলাই ২০২০ চনৰ অক্টোবৰত ব্যৱসায়ৰ বাবে আবেদন কৰিছিল আৰু ‘ঝাজি ষ্টোৰ’ নামেৰে ২০২১ চনৰ জুনত তেওঁলোকৰ অনলাইন ব্যৱসায় আৰম্ভ হয়।
উমাই এই বিষয় সন্দৰ্ভত কৈছিল যে যে তেওঁৰ জীৱন স্বাভাৱিক গতিত সাধাৰণভাৱে চলি আছিল। তেওঁৰ মনত কোনো ব্যৱসায়িক চিন্তা নাছিল। সকলোৱে লকডাউনত ঘৰত বন্দী হৈ থকাৰ সময়তে দুয়ো মিলি ভিন্ন প্ৰকাৰৰ আচাৰ তৈয়াৰ কৰে। তেওঁ লকডাউনত কল্পনাৰ সৈতে মিলি আচাৰ প্ৰস্তুত কৰা আৰম্ভ কৰে। মাক আৰু আইতাকৰ পৰা শিকা আচাৰৰ ৰেচিপিৰে দুয়ো ব্যৱসায় আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয়। দুয়োকে ব্যৱসায়িক জ্ঞান লবলৈ কিছু সময় লাগিছিল। এই ক্ষেত্ৰত তেওঁলোকৰ সহায়ক হ’ল ছ’চিয়েল মিডিয়া।
ছ’চিয়েল মিডিয়াত তেওঁলোকে এটা পেজ খুলি আচাৰৰ ফটো আপলোড দিবলৈ ধৰে আৰু লাহে লাহে তেওঁলোকৰ গ্ৰাহক বাঢ়িবলৈ ধৰে। বৰ্তমান উমা আৰু কল্পনাই ছ’চিয়েল মিডিয়া, হোৱাটছএপৰ জৰিয়তে আচাৰৰ অৰ্ডাৰ লয়। এটা বছৰতে আচাৰৰ পৰা ১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় এই দুই মহিলাই। বৰ্তমান দুয়ো ‘ঝাজী পিকল’ বিদেশলৈ পঠাবলৈকো প্ৰচেষ্টা হাতত লৈছে। উমা আৰু কল্পনাক বহুতে অনুপ্ৰেৰণা হিচাপে লৈ কাম কৰিবলৈ আগুৱাই আহিছে।