যানবাহনৰ গতিৰ ক্ষেত্ৰত কেবিনেটে জনালে অনুমোদন
নিউজ ডেস্ক,১১ ফ্ৰেব্ৰুৱাৰীঃ অসম কেবিনেটে বৃহস্পতিবাৰে ৰাজ্যজুৰি বিভিন্ন ধৰণৰ পথ আৰু বাহনৰ বাবে গতি সীমাবদ্ধতাৰ অনুমোদন কৰে। কেবিনেটে অনুমোদন কৰা ড্ৰাফ্টত বিভিন্ন প্ৰকাৰৰ পথৰ ওপৰত আধাৰ কৰি গতিৰ সীমা নিৰ্ধাৰণ কৰিছে।
অনা-পৰিবহন মটৰ বাহনৰ বাবে ৪ লেনযুক্ত ৰাস্তাবোৰত গতিৰ সীমা ১০০ কিঃমি/ঘণ্টাত নিৰ্ধাৰণ কৰা হৈছে। আনহাতে অন্যান্য ৰাস্তাসমূহত প্ৰতি ঘণ্টাত ৭০ কিঃমি নিৰ্ধাৰণ কৰিছে।
ইপিনে মটৰচাইকেলৰ বাবে ৪ লেনযুক্ত ৰাস্তাত গতিৰ সীমা প্ৰতি ঘণ্টাত ৬০ কিঃমি আৰু অন্যান্য ৰাস্তাসমূহত প্ৰতি ঘণ্টাত ৫০ কিঃমি নিৰ্ধাৰণ কৰিছে। তাৰোপৰি পৌৰ নিগমৰ সীমাত ৫০ কিঃমি গতিৰ সীমা নিৰ্ধাৰণ কৰিছে।
কেবিনেটে ঘোষণা কৰিছে যে গতিৰ সীমাবদ্ধতাই যানবাহন চলাচলৰ ফলত দূৰ্ঘটনাৰ আশংকা হ্ৰাস কৰিব।
তাৰোপৰি কেবিনেটত কয় যে, এই খচৰা অধিসূচনা চূড়ান্ত হোৱাৰ আগতে মতামতৰ বাবে ১৫দিন ৰাইজৰ বাবে উপলব্ধ কৰা হ’ব।