মুম্বাইৰ অগ্নিকাণ্ডৰ ঘটনাৰ ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

শনিবাৰে পুৱা মুম্বাইৰ নানা চকত এক অগ্নিকাণ্ডৰ সংঘটিত ঘটনা সংঘটিত হয়। উক্ত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় মুম্বাইৰ এটি ২০ মহলীয়া অট্টালিকাৰ ১৮ নম্বৰ মহলাত। ঘটনাটো ত ৬ গৰাকী লোক নিহত হোৱাৰ লগতে ২৩ গৰাকী লোক আহত হয়।
উক্ত ঘটনাটোত নিহত লোকসকলক প্ৰধানমন্ত্ৰী মোডীয়ে ২ লাখ টকাকৈ সাহায্য প্ৰদান কৰাৰ লগতে আহত কেইগৰাকীক ৫০,০০০ টকা প্ৰদানৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি মহাৰাষ্ট্ৰ চৰকাৰেও ভুক্তভোগী লোকসকলক ৫০ লাখকৈ টকা প্ৰদানৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে, আজি পুৱা মুম্বাইৰ নানা চ’কৰ ‘কমলা’ নামৰ এটি ২০ মহলীয়া অট্টালিকাৰ ১৮ নম্বৰ মহলাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।