মিঞা মিউজিয়ামৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী
গোৱালপাৰাৰ লক্ষীপুৰত উদ্বোধন কৰা বহু বিতৰ্কিত মিঞা মিউজিয়াম ছীল কৰাৰ পাছতে কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ কালি মিঞা মিউজিয়াম ছীল কৰাৰ পাছতে মিঞা মিউজিয়াম উদ্বোধন কৰা তনু ধাদুমিয়া আৰু মিঞা মিউজিয়াম স্থাপনৰ অন্যতম আব্দুল বাতেনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ মিঞা পৰিষদৰ সভাপতি মোহৰ আলীকো গ্ৰেপ্তাৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে।
মিঞা মিউজিয়াম মুকলি কৰা তনু ধাদুমীয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নামৰূপ থানাৰ অন্তৰ্গত কাৱৈমাৰি গাঁৱৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে টনু ধাদুমীয়াক। আপৰ পৌৰসভাৰ সমন্বয়ক তনু ধাদুমীয়া হৈছে অসম মিঞা পৰিষদৰো উপদেষ্টা। আপৰ নেতা হিচাপে পৰিচয় আছে ধাদু মিয়াৰ৷
ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে আব্দুল বাতেন নামৰ আন এজন লোকক। ধুবুৰী বি এন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেন অসম মিঞা পৰিষদৰ উপ-সভাপতি। গৌৰীপুৰ আৰক্ষীয়ে গৌৰীপুৰৰ আলমগঞ্জৰ নিজ বাসগৃহৰ পৰা আব্দুল বাতেনক আটক কৰে৷
কালি গোৱালপাৰা জিলা প্ৰশাসনে ছীল্ড কৰিছিল বহু বিতৰ্কিত মিঞা মিউজিয়ামটো৷ লক্ষীপুৰৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈৰ নেতৃত্বত দলে-বলে আৰক্ষী-প্ৰশাসন উপস্থিত হৈ ছীল কৰিছিল মিঞা মিউজিয়ামটো৷ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত মিঞা পৰিষদৰ গোৱালপাৰা জিলাৰ সমিতিয়ে মিঞা মিউজিয়ামটো উদ্বোধন কৰিছিল৷ মিঞা মিউজিয়ামত মিঞাসকলৰ তাহানীৰে পৰা ব্যৱহাৰ কৰি অহা সামগ্ৰী সংৰক্ষণ কৰা হৈছিল৷ তাৰ পাছতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ বিৰুদ্ধে কঠোৰ হয়৷ মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ পাছতে অৱশেষত মিঞা মিউজিয়াম ছীল কৰিছিল গোৱালপাৰা জিলা প্ৰশাসনে৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মিঞা মিউজিয়ামত লুঙীখনৰ বাহিৰে কি আছে বুলি প্ৰশ্ন কৰিছিল৷ অসমীয়াৰ নাঙলখন অসমীয়াৰ, নাঙলখন আপোনালোকৰ কেনেকৈ হ’ল বুলিও প্ৰশ্ন কৰিছিল৷ একাংশই জাতীয় সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে আৰু মিঞা কবিতা লিখা মানুহে আজি বিদেশত পঢ়িছে বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে৷