মানকাচৰৰ পাহাৰীয়া অঞ্চলত জনজাতি এলেকাবোৰ পৰিদৰ্শন জিলা উপায়ুক্ত পল্লবী সৰকাৰ আৰু জিলা কৃষি বিষয়া ড: মোজাম্মিল হকৰ

নিউজ ডেস্ক:দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ধানুৱা গাওঁ পঞ্চায়তৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা জনজাতি অঞ্চল সমূহ পৰিদৰ্শন কৰে জিলা খনৰ নৱ নিযুক্ত জিলা উপায়ুক্ত পল্লবী সৰকাৰ আৰু কৃষি বিষয়া ড: মোজাম্মিল হকে।
মানকাচৰৰ ধানুৱা গাওঁ পঞ্চায়তৰ ধানুৱা আৰু টানগাওঁৰ গুলাম্মগিৰিত জনজাতি লোকসকলৰ মাজত উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় জিলা উপায়ুক্ত গৰাকীয়ে।
জিলা কৃষি বিষয়া ড: মোজাম্মিল হকে পাহাৰীয়া জনজাতি লোকসকলে কেনেকৈ পাহাৰত কি কি শস্য উৎপাদন কৰিব পাৰে তাৰ বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
বিশেষকৈ চৰকাৰৰ ফালৰ পৰা অহা জনজাতি লোকসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে কেনেকৈ লাভাম্বিত হ’ব পৰা যায় সেই বিষয়ে জিলা কৃষি বিষয়া গৰাকীয়ে জনজাতি লোকসকলক অৱগত কৰে।