Local, Vocal, Global

মাতৃ হবলৈ ওলাইছে বলীউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষাল

বলীউডৰ মোহময়ী আৰু জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে বৃহস্পতিবাৰে ইনষ্টাগ্ৰামৰ এটা পোষ্ট যোগে নিজৰ অনুৰাগীসকলৰ মাজত খলকনিৰ সৃষ্টি কৰে । শ্ৰেয়া ঘোষালে স্বামী শিলাদিত্য মুখপাধ্যায়ৰ সৈতে নিজৰ গৰ্ভাৱস্থাৰ কথা ঘোষণা কৰে । ফটোখনত এযোৰ মৰম লগা বহুৰঙী পোছাকত দেখিবলৈ পোৱা গৈছিল গায়িকাগৰাকীক ।

শ্ৰেয়া ঘোষালে জীৱনৰ এই নতুন অধ্যায়ৰ বাবে অনুৰাগীসকলৰ পৰা আশীৰ্বাদ বিচাৰে ।