মাজুলীৰ শোকাৱহ নাওঁ দূৰ্ঘটনাত নিহতজনৰ পৰিয়ালৰ লোকলৈ নিযুক্তি পত্ৰ প্ৰদান মূখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,৮ জানুৱাৰী: মানৱ জীৱন হেৰোৱাৰ ক্ষতিপূৰণ কাহানিও সম্ভৱপৰ নহয়। যোৱা বছৰটোৰ ৮ ছেপ্টেম্বৰত নিমাতীঘাটৰ শোকাৱহ ফেৰী দুর্ঘটনাত আমাৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তিসকলৰ পৰিয়ালৰ প্ৰতি সহানুভূতি আৰু সংবেদনশীলতাৰে আমাৰ চৰকাৰৰ তৰফৰ পৰা যৎকিঞ্চিৎভাৱে এটি প্রয়াস কৰিছোঁ । এই প্রয়াসৰে অংশস্বৰূপে প্রয়াত পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাস আৰু প্রয়াত ইন্দ্রেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে। নিযুক্তি পত্র প্রদানৰ অন্তত শিক্ষা বিভাগক বিত্ত বিভাগৰ সৈতে সমন্বয়ৰ মাজেৰে নৱনিযুক্তসকলে তেখেতসকলৰ প্ৰথম দৰমহা কোনো বিভাগৰ ওচৰলৈ নোযোৱাকৈ সময়মতে লাভ কৰাত গুৰুত্ব দিবলৈ নির্দেশনা প্রদান কৰে।
তদুপৰি চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা দুর্ঘটনাটোৰ তৃতীয়গৰাকী ভুক্তভোগী আছিল। তেখেতৰ ক্ষেত্রত পৰিয়ালটিয়ে মৃতকৰ অৱসৰলৈকে সম্পূৰ্ণ দৰমহা লাভ কৰাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰিব। লগতে প্ৰয়োজন অনুসৰি মৃতকৰ পৰিয়াললৈ আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব।আজিৰ এইমুখ্যমন্ত্রীৰ অনুষ্ঠানত ৰাজনৈতিক সচিব শ্রীজয়ন্ত মল্ল বৰুৱা আৰু শিক্ষা বিভাগৰ মাননীয় উপদেষ্টা শ্রীননীগোপাল মহন্তও উপস্থিত থাকে।