Local, Vocal, Global

মাজুলীৰ লগতে অন্য সমষ্টিতো হ’ব নেকি উপ-নিৰ্বাচন?

  ভাৰতীয় ৰাজনীতিত আয়া ৰাম গয়া ৰাম, হৰ্চ ট্ৰেডিং আদি সূত্রসমুহে অতীতৰে পৰা কিছুমান সময়ত অন্য এক ভূমিকা পালন কৰি আহিছে। তাৰেই যেন বিৰূপ প্ৰভাৱ পৰিছে সাম্প্রতিক সময়ৰ অসমৰ ৰাজনীতিত। ক্ৰমাৎ যেন নাইকিয়া হৈছে প্ৰমুল্যবোধৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে দলীয় আদৰ্শক জলাঞ্জলি দি ঢাপলি মেলে শাসকীয় দলৰ পক্ষত। যোৱা ২০২১ৰ বিধানসভা নির্বাচনৰ পাছত অসমত হৰ্চ ট্ৰেডিঙত লিপ্ত হ’ল কেইবাজনো বিধায়ক। সাধাৰণ নিৰ্বাচনৰ কেইমাহমানৰ পাছত অনুষ্ঠিত কৰিব লগা হ’ল উপ-নিৰ্বাচন। ৰাইজৰ ধন খৰচ কৰি চৰকাৰে লাস-বিলাসিতাৰে পাৰ কৰিলে বিধায়ক পদ খালী হৈ থকা কেইটিমান সমষ্টিৰ উপ-নিৰ্বাচন। মাজুলী সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল কেন্দ্রীয় চৰকাৰৰ মন্ত্রীত্বৰ দায়িত্ব লোৱাৰ পাছত সমষ্টিটোত এতিয়ালৈকে খালী হৈ আছে বিধায়ক পদ। নিৰ্বাচনী আয়োগে মৰিয়নি, থাওৰা, ভৱানীপুৰ আদিৰ উপ-নিৰ্বাচনৰ সময়ত মাজুলীত অনুষ্ঠিত নকৰিলে উপ-নিৰ্বাচন। এতিয়ালৈকে ঘোষণা হোৱা নাই মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। মাজুলীৰ লগতে অন্য সমষ্টিতো হ’ব নেকি উপ-নিৰ্বাচন। এইটোৱে এতিয়া অসমৰ ৰাজনীতিত ডাঙৰ প্ৰশ্ন। কাৰণ সততে খবৰ ওলাই থাকে দিছপুৰত শূন্য হ’ব বিপিএফৰ বিধায়কৰ সংখ্যা। বিপিএফৰ তিনি বিধায়ক দুৰ্গা দাস বড়ো, ৰবিৰাম নাৰ্জাৰী আৰু মাজেন্দ্ৰ নাৰ্জাৰী সঘনাই যোগাযোগ অব্যাহত ৰাখিছে শাসকীয় দল বিজেপিৰ সৈতে। বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই সন্দৰ্ভত কয় যে  বিহুৰ পাছত ভাল খবৰ ওলাব। আনহাতে খবৰ ওলোৱা ধৰণে ছয়গাও সমষ্টিৰ কংগ্রেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসেও অসম গণ পৰিষদ দলত যোগদান কৰিব  বিচৰা বিষয়টো কিমান সঁচা সেয়া সময়তহে লক্ষ্যণীয় হ’ব।