মহিলাৰ বাবে অ-সুৰক্ষিত দিল্লী, আকৌ সংঘটিত হ’ল এচিড এটেক!

নেচনেল ডেস্কঃ মহিলাৰ বাবে যেন আজিও সুৰক্ষিত নহয় ৰাজধানী দিল্লী। ৰাজধানী চহৰৰ আভিজাত্যৰ ফোঁপোলা স্বৰূপ পুনৰ উদঙাই সংবাদ শিৰোণাম দখল কৰিলে দিল্লীয়ে। নিৰ্ভয়া কাণ্ডৰ পাছতো নাৰী সুৰক্ষাৰ প্ৰতি যেন সজাগ নহয় দিল্লীৰ প্ৰশাসন ব্যৱস্থা। দিল্লী পুলিচৰ অকৰ্মণ্যতাৰ বাবেই দিল্লী ৰাজপথত এগৰাকী স্কুলীয়া ছাত্ৰী এচিড আক্ৰমণৰ বলি হ’ল। বৰ্তমান সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত এজন অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে৷
নেল্ল’ৰত দুজন যুৱকে বাইকত আহি ছোৱালীগৰাকীৰ মুখত এচিড নিক্ষেপ কৰাৰ দৃশ্য চিচিটিভিত বন্দী হয়। বুধবাৰে ৰাতিপুৱা দিল্লীৰ দ্বাৰকা অঞ্চলত ঘটনাটো সংঘটিত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছোৱালীজনীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজপথতে যুৱতীগৰাকীৰ মুখ আৰু চকুত এচিড নিক্ষেপ কৰা হয়। ঘটনাটো বুধবাৰে ৰাতিপুৱা দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত সংঘটিত হৈছিল। অভিযোগ অনুসৰি দুজন যুৱকে এখন বাইকত আহি ১৭ বছৰীয়া কিশোৰীগৰাকীৰ মুখত এচিড নিক্ষেপ কৰে৷
চিচিটিভি ফুটেজত দুগৰাকী কিশোৰী ৰাস্তাৰ কাষেৰে খোজ কাঢ়ি থকা দেখা গৈছে। তাৰ পিছত এখন মটৰ চাইকেল আহি সন্মুখত থিয় হয়। বাইকখনত থকা দুজন যুৱকৰ এজনে ছোৱালীজনীলৈ এটা বটলেৰে পানী পেলাইছিল। ছোৱালীজনীক লগে লগে মুখ তল কৰি দৌৰি চতফতাই থকা দেখা গৈছিল। অভিযুক্তজনে বাইকখন দ্ৰুতগতিত চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।
“মোৰ ১৭ বছৰীয়া ছোৱালীজনী বন্ধুৰ সৈতে আজি ৰাতিপুৱা একেলগে বাহিৰলৈ গৈছিল। হঠাতে বাইকত থকা দুজন যুৱকে মোৰ ডাঙৰ ছোৱালীজনীলৈ এচিড দলিয়াই গুচি গ’ল। তেওঁলোকে তেওঁলোকৰ মুখ ঢাকি ৰাখিছিল,” পিড়িতাৰ দেউতাকে সংবাদ মাধ্যমক এই মন্তব্য কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি, ছোৱালীজনীয়ে বাইক আৰোহী দুজনক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ এজনক ইতিমধ্যে আটক কৰা হৈছে, আৰক্ষীয়ে জেৰা কৰি আছে। দিল্লী আৰক্ষীৰ বিষয়াসকলে আন এজন অভিযুক্তক বিচাৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে।
দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে ঘটনাটোৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি প্ৰশ্ন কৰে যে এচিডৰ বিক্ৰী কিয় সীমিত কৰিব নোৱাৰি যাতে এনে জঘন্য অপৰাধ প্ৰতিৰোধ কৰিব পৰা যায়? দেশৰ ৰাজধানীত দিনৰ পোহৰত দুজন গুণ্ডাই এগৰাকী স্কুলীয়া ছোৱালীৰ ওপৰত এচিড নিক্ষেপ কৰে। কোনোবাই এতিয়াও আইনক ভয় কৰে নেকি? এচিডৰ বিক্ৰী কিয় নিষিদ্ধ কৰিব নোৱাৰি? ঘটনা সন্দৰ্ভত স্বাতী মালিৱালে টুইট কৰে।