মহাৰাষ্ট্ৰৰ কাৰ্য্যালয়ৰ বিষয়াৰ বাইক এৰি ঘোঁৰা চালন !

মহাৰাষ্ট্ৰৰ নাণ্ডেদ কালেক্টৰেটৰ এজন সহকাৰী একাউণ্ট বিষয়াৰ এখন অদ্ভুদ চিঠি । কাৰ্যালয়টিৰ জ্যেষ্ঠসকলক আচৰিত কৰি চিঠিখনত বিচাৰিলে তেওঁ ঘোঁৰা বন্ধাৰ অনুমতি । বিষয়াজনে তেওঁৰ মেৰুদণ্ডৰ সমস্যা হেতুকে বাইকৰ পৰিৱৰ্তে কাৰ্যালয়ত উপস্থিত হ’বলৈ ঘোঁৰা চলোৱাৰ পৰিকল্পনা কৰিছিল । উক্ত কাৰণ উল্লেখ কৰি তেওঁ জিলা মুখ্য কাৰ্যালয়ৰ চৌহদত তেওঁৰ ঘোঁৰা বান্ধিবলৈ অনুমতি বিচাৰিছিল । জিলা কালেক্টৰেটৰ সহকাৰী একাউণ্ট বিষয়া সতীশ দেশমুখে অনুমতি বিচাৰি সংগ্ৰাহক বিপিন ইতাংকৰক পত্ৰ লিখিছিল যে “মই কাৰ্যালয়লৈ আহিবলৈ এটা ঘোঁৰা কিনিবলৈ সিদ্ধান্ত লৈছো, কিয়নো মেৰুদণ্ডৰ সমস্যাৰ বাবে মই মোৰ বাইক চলাব নোৱাৰো ।
অনুগ্ৰহ কৰি মোক অফিচৰ চৌহদত ঘোঁৰাটো বান্ধিবলৈ অনুমতি দিয়ক,” । পত্ৰখন দাখিল কৰাৰ কিছু ঘণ্টাৰ ভিতৰত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । কিন্তু দিনটো শেষ হোৱাৰ আগতে, চিকিৎসকৰ পৰামৰ্শত তেওঁ তেওঁৰ শাৰীৰিক সমস্যা ঘোঁৰা চালনৰ দ্বাৰা সমাধান ন’হব বুলি নিশ্চিত হোৱাৰ পিছত চিঠিখন প্ৰত্যাহাৰ কৰিছিল । অৱশেষত বিষয়াজনে নিশ্চিত হৈছিল যে তেওঁৰ দাবীয়ে তেওঁক অধিক সমস্যাৰ সৃষ্টি কৰিব । সেয়েহে তেওঁ চিঠিখন কিছু সময়ৰ পিছতেই প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল । এই সমস্ত ঘটনাটো আচৰিত যদিও ৰসাল বুলিও উল্লেখ কৰে কাৰ্যালয়টিৰ বিষয়ববীয়াৰ লগতে সহকাৰী কৰ্মচাৰী সকলে ।