মহানগৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক সুব্ৰত ৰয়
নিউজ ডেস্ক, ২ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ খানাপাৰাত দিশপুৰ আৰক্ষীয়ে এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। ধৃত প্ৰৱঞ্চকটোৰ নাম সুব্ৰত ৰয়। দিছপুৰ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে প্ৰৱঞ্চকটোৱে ভাড়াত চলোৱাৰ বাবে কেইবাগৰাকীও ব্যক্তিৰ পৰাও কেইবাখনো গাড়ী ভাড়াত লৈছিল। প্ৰথম অৱস্থাত গাড়ীৰ গৰাকীক মাহিলি ভাড়া নিয়মমতে আদায় দিছিল যদিও পৰৱৰ্তী সময়ত গাড়ীৰ গৰাকীৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়ে।ইয়াৰ পিছতে বাহনৰ গৰাকীয়ে দিছপুৰ থানাত সুব্ৰত ৰয়ৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰৱঞ্চকটোক বিচাৰি অভিযান আৰম্ভ কৰে। অভিযানৰ সময়তে দেওবাৰে নিশা খানাপাৰাৰ হেলথ চিটি হাস্পটালৰ সমীপত প্ৰৱঞ্চকটো আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে প্ৰৱঞ্চকটোক আদালতত হাজিৰ কৰোৱাই সাতদিনৰ জিম্মাত বিচাৰে।