মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ তাণ্ডৱ

নিউজ ডেস্ক, ১৮ ফ্ৰেব্ৰুৱাৰীঃ মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ তাণ্ডৱ। এই দূৰ্ঘটনাত মহতিয়াই নিলে কেইবাজনকো। আনহাতে মৃত্যু হয় ২জনৰ আৰু ৩ জনৰ অৱস্থা সংকটজনক। উত্তেজিত জনতাই অগ্নিসংযোগ কৰে ট্ৰাকখনত। জালুকবাৰী অভিমুখে গৈ আছিল ট্ৰাকখন। কিন্তু বিপৰীতে দিশে গৈ থকাৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।১৬ চকীয়া ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰি চোচৰাই নিয়ে এখন স্কুটী আৰু আৰোহীক। লগতে আহত কৰে দুগৰাকী কন কন শিশুসহ এগৰাকী মহিলাক।
NL01AE 9733 নম্বৰৰ ট্ৰাক খনে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰে। ট্ৰাকখনে বিপৰীতে দিশেৰে আহি AS01DU4182 নম্বৰৰ স্কুটী বাহন খন মহটিয়ায়। যাৰ ফলত এজনে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে সংকট জনক অৱস্থাত ৩ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা অনুসৰি ট্ৰাকখনে গৰু সৰবৰাহ কৰিছিল। এই দুৰ্ঘটনাৰ ফলত শৰাইঘাট দলঙত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।
![]() | ReplyForward |