Local, Vocal, Global

মহানগৰীত বৃদ্ধি পাইছে ইটোৰ পিছত সিটো অপৰাধমূলক ঘটনা

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি কঁপাই তুলিছে। পুনৰ গুৱাহাটী মহানগৰীৰ মঠঘড়ীয়াত ভয়ংকৰ ঘটনা। এজন অভিযন্তাৰ ডিঙি কাটি ধন লুট নিলে দুৰ্বৃত্তই। সংকট জনক অৱস্থাত অভিযন্তা কিশোৰ কলিতাক মঠঘড়ীয়াৰ গেট হাস্পাতালত ভৰ্তি কৰে স্থানীয় লোক তথা আৰক্ষীয়ে । সম্প্ৰতি হাস্পাতালত সংকট জনক অৱস্থাত চিকিৎসা সেৱা আগবঢ়াই চিকিৎসকে । মঠঘড়ীয়াৰ বড়ো চকৰ বাসিন্দা কিশোৰ কলিতাই ৰেল বিভাগত অভিযন্তা হিচাপে কৰ্মৰত হৈ আছিল। মঙ্গলবাৰে সন্ধিয়া কিশোৰ কলিতাই কৰ্তব্য সমাধা কৰিবলৈ শিলচৰলৈ গৈ আছিল। মঠঘড়ীয়াৰ পৰা নুনমাটি অভিমুখে খোজ কাঢ়ি গৈ থকা অৱস্থাত ৰেল লাইনত এটা দুৰ্বৃত্তৰ দলে অভিযন্তা জনক আগছি ধৰি চোকা অস্ত্ৰৰে ডিঙি ৰেপি নগদ সাত হাজাৰ টকা, সোণৰ চেইণ আৰু মোবাইল ফোন লুট কৰি নিয়ে। তেজেৰে লুতুৰী পুতুৰী অৱস্থাত অভিযন্তা জনক স্থানীয় লোকে আৰক্ষীৰ সহযোগত সংকট জনক অৱস্থাত গেট হাস্পাতালত ভৰ্ত্তি কৰায়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।