Local, Vocal, Global

মহানগৰীত পৰিবহন বিভাগৰ পথ সুৰক্ষা অনুষ্ঠান

অসম চৰকাৰৰ পৰিবহণ বিভাগ,স্পেচবাৰ্জ আৰু অসম যুৱ পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত গণেশগুৰী উৰণীয়া সেঁতুৰ তলৰ পৰা পথ সুৰক্ষা, জীৱন ৰক্ষা শীৰ্ষক এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ শুভ উদ্ধোধনী কৰে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাস, পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, অসম বাণিজ্য প্ৰসাৰ সংস্থাৰ অধ্যক্ষ সুনীল ডেকা,জনপ্ৰিয় অভিনেতা যতীন বৰা,বিশিষ্ট প্ৰণয় বৰদলৈয়ে। অনুষ্ঠানত উপস্থিত থকা পৰিবহণ বিষয়া গৌতম দাসে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মবোৰ মানি চলিবলৈ আহ্বান জনায়। পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায় যানবাহন চলাচলত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। সজাগতা সভাৰ পিছতেই এক বিশাল মটৰ চাইকেল ৰেলী উলিয়াই পথ সজাগতাৰ ওপৰত ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা হয়।