Local, Vocal, Global

মঙ্গলদৈ মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত ABVP  ৰ সমৰ্থীত প্ৰাৰ্থীৰ ১১পদতেই জয়লাভ


 নিউজ ডেস্ক:ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান মঙ্গলদৈ মহাবিদ্যালয়।এই মহাবিদ্যালয় খনি ১৯৫১চনতেই স্থাপন হোৱা অবিভক্ত দৰঙ জিলাৰ শৈক্ষিক দিশৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান।এই মহাবিদ্যালয়ৰ ২০২১-২০২২ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আজি ৯ টা পদত নিৰ্বাচন অনুস্থিত হয় ৷ ইতিমধ্যে দুটা পদত বিনাপ্ৰতিদ্বন্দীতাৰে জয়ী হৈছিল দুগৰাকী।  মুঠ ১১ পদতে ABVP ৰ পৰা নিৰ্বাচিত হয়।

 সভাপতি নিৰ্বাচিত হয় নিশান্ত কলিতা,সাধাৰণ সম্পাদক পদত শিখৰজিৎ বড়া, সহ সম্পাদক আৰ্নিক চাজিদ, সাহিত্য আৰু আলোচনী বিভাগত দেৱাশীষ ৰাজকুমাৰ,তৰ্ক আৰু বক্তৃতাত আৰ্লি শৰ্মা, খেল বিভাগত প্ৰাচুৰ্য প্ৰতিম বৰুৱা,শৰীৰ চৰ্চাত ৰকি চাহা, ছাত্ৰী জিৰনী কোঠাত বনশ্ৰী বড়া, আৰু সমাজ সেৱা বিভাগত নৱনীতা ডেকা জয়ী হয়।
সাংস্কৃতিক বিভাগত নিলকমল বৰুৱা আৰু ছাত্ৰ জিৰনী কোঠা বিভাগত অবিনাশ বৈশ্যই ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়।