Local, Vocal, Global

‘মই তোমাক লৈ গৌৰৱান্বিত’, লালু প্ৰসাদ যাদৱক বৃক্ক দান কন্যাৰ

ৰাষ্ট্ৰীয় জনতা দলৰ চমুকৈ আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ সোমবাৰে ছিংগাপুৰত বৃক্ক সংৰোপণ কৰা হয়। লালু প্ৰসাদ যাদৱৰ জীয়ৰী ৰোহিনী আচাৰ্যই লালু প্ৰসাদ যাদৱক এটা বৃক্ক দান কৰে। ৰোহিণী আচাৰ্যই পিতৃ লালু প্ৰসাদ যাদৱক এটা বৃক্ক দান কৰাৰ পিছত যথেষ্ট প্ৰশংসা লাভ কৰিছে।

বিজেপিৰ প্ৰবীণ গিৰিৰাজ সিঙে টুইটাৰত ৰোহিণীক প্ৰশংসা কৰি আহিবলগীয়া প্ৰজন্মৰ বাবে এটা উদাহৰণ স্থাপন কৰিছে বুলি কয়। বিজেপি নেতা গিৰিৰাজ সিঙে ছ’চিয়েল মিডিয়াত টুইট কৰি কয় যে ৰোহিণী আচাৰ্য আদৰ্শ কন্যা, মই আপোনাক লৈ গৌৰৱান্বিত। লালু যাদৱৰ ডাঙৰ জীয়ৰী মিছা ভাৰতীয়ে যোৱা সন্ধিয়া অস্ত্ৰোপচাৰৰ পিছত টুইটাৰত কেইবাখনো ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল আৰু শুভাকাংক্ষীসকলক কৈছিল যে দুয়ো ঠিক আছে।

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও চিকিৎসালয়ৰ পৰা এটা আপডেট শ্বেয়াৰ কৰি তেওঁলোকৰ বাবে প্ৰাৰ্থনা আৰু শুভকামনা জনায়৷