Local, Vocal, Global

ভোগালীক আদৰিবলৈ সাজু হৈছে দেৰগাঁৱৰ পাঁচনি বৰাৰ গাঁওবাসী

১৩ জানুৱাৰী, দেৰগাঁও : ভোগালীক আদৰিবলৈ সাজু হৈছে দেৰগাঁৱৰ পাঁচনি বৰাৰ গাঁওবাসী , সাজু কৰিছে ভেলাঘৰ, আজি উৰুকা , ৰাতিলৈ হাঁহে মাহে এসাঁজ খাব অসমবাসীয়ে । অসমৰ বিভিন্ন প্ৰান্তৰ দৰে দেৰগাঁও পাঁচনি বৰাৰ গাঁৱৰ ৰাইজে প্ৰতি বছৰৰ দৰে লগে ভাগে ভেলাঘৰ , মেজি বনাই এসাঁজ খাই। এই বৰ্ষও ব্যতিক্ৰম নহয় , গাঁৱৰ মহিলা সকল ব্যস্ত নৰা কটাত , গাঁৱৰ ডেকা সকলে ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত। এক চহা ছবি। ভেলাঘৰ নিৰ্মাণৰ মাজতে গাঁৱৰ ডেকা – গাভৰু , জেষ্ঠ সকলোৱে মিলি আনন্দতে মতলিয়া হৈ জুৰিছে বিহু নাম । ঢেকিৰ হালত চাউল খুন্দি পিঠা পনা বনোৱাত ব্যস্ত হৈ মহিলা সকল। গাঁৱবাসীয়ে জনোৱা মতে অসমীয়াৰ পৰম্পৰা নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ প্ৰতিবছৰে সমজুৱাকে ভোগালী বিহু উৰ্যাপন কৰে।