ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত ১৫ জানুৱাৰীৰ পৰা কঠোৰ হ’ব চৰকাৰ

নিউজ ডেস্ক, ১৪ জানুৱাৰীঃসমগ্ৰ দেশৰ লগতে অসমতো কোভিডৰ এতিয়া ভয়াৱহ ৰূপত সংক্ৰমণ ঘটিছে। এনে পৰিস্থিতিত কোভিডৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হিচাবে ভেকচিন গ্ৰহণকে মূল কথা হিচাবে গণ্য কৰা হৈছে।
ৰাজ্যৰ যিসকল লোকে এতিয়ালৈকে কোভিডৰ এটাও ভেকচিন লোৱা নাই বা যিসকলে সময় উকলি যোৱাৰ পিছতো কোভিডৰ দ্বিতীয়টো ভেকচিন ল’বলৈ হেলা কৰিছে তেনে লোকসকলৰ ক্ষেত্ৰত কাইলৈ অৰ্থাৎ ১৫ জানুৱাৰীৰ পৰা অধিক কঠোৰ হ’ব চৰকাৰ।
হোটেল, ৰেষ্টুৰেণ্ট, মল আদিত টিকাকৰণ নকৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ আৰু এই ক্ষেত্ৰত কোনো বিসংগতি দেখিলে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক বৃহৎ মাত্ৰাত জৰিমনা বিহা হ’ব। যিসকল লোকে টিকাকৰণ কৰা নাই বা যিসকলে সময় হোৱা সত্বেও দ্বিতীয় পালি টিকা লোৱা নাই তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হ’লে চৰকাৰে কোনো বিনামূলীয়া চিকিৎসা প্ৰদান নকৰে।
চৰকাৰী নিৰ্দেশনাত প্ৰকাশ পোৱামতে যিসকল লোকে এতিয়ালৈকে কোভিডৰ এটাও ভেকচিন লোৱা নাই বা যিসকলে সময় উকলি যোৱাৰ পিছতো কোভিডৰ দ্বিতীয়টো ভেকচিন গ্ৰহণ কৰা নাই তেনে লোকে বৈধ টিকাকৰণ প্ৰমাণপত্ৰ অবিহনে কাইলৈৰ পৰা কেৱল চিকিৎসালয়ক বাদ দি আন কোনো ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব।