ভূমি খনন নিষিদ্ধ কৰিছে কামৰূপ প্ৰশাসনে

নিউজ ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ পল্লৱ গোপাল ঝাই জনসাধাৰণৰ নিৰাপত্তাৰ লগতে সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনৰ অবৈধ খনন/মাটি কটা কঠোৰভাৱে নিষিদ্ধ কৰিছে।
যদিহে কোনো ব্যক্তিয়ে অকৰ্তৃত্বশীলভাৱে বা অনুমতি নোলোৱাকৈ খনন কৰে, তেন্তে নিৰ্দেশ উলংঘনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশাৱলীত উল্লেখ কৰা হৈছে।
![]() | ReplyForward |