ভূমিহীন লোকক আশ্ৰয় দি বিপদত এটা পৰিয়াল
ধিং,৩ছেপ্তেম্বৰ : উপকাৰীক অজগৰে খায়। প্ৰমাণ হ’ল আজি ।
ভূমিহীন লোকক আশ্ৰয় দি বিপদত এটা পৰিয়াল । আশ্ৰয় দিয়া লোকে ভূমি বেদখলৰ চেষ্টা
উপকাৰীক অজগৰে খায়, এই কথাই পুনৰবাৰ প্ৰমাণিত হ’ল এজন সহায়কাৰীৰ ক্ষেত্ৰত। ধিঙৰ ২ নং লাঙ্গিয়াৰ ছাইফুল ইছলাম নামৰ এইজন লোকে নিজৰ ম্যাদি পট্টা ভূমিত আশ্ৰয় দিছিল মৰিগাঁৱৰ ভূৰাগাঁৱৰ এটি ভূমিহীন পৰিয়ালক ।
এই পৰিয়ালটো চৰৰ চৰকাৰী ভূমিত দীৰ্ঘদিনে আশ্ৰয় লৈ আহিছিল। কিন্তু যোৱা বছৰত প্ৰশাসন উচ্ছেদ চলোৱাৰ পিছতেই এই পৰিয়ালটো সম্পূৰ্ণভাবে আশ্ৰয়হীন হৈ পৰিছিল । কিন্তু মানৱতাৰ খাতিৰত ধিঙৰ ২ নং লাঙ্গিয়াৰ ছাইফুল ইছলামে ৰফিকুল ইছলাম নামৰ এজন দুষ্ট প্ৰকৃতিৰ লোকক আশ্ৰয় প্ৰদান কৰিছিল নিজৰ অস্থায়ী বাসগৃহত আৰু সেয়াই যেন কাল হ’ল ছাইফুল ইছলামৰ বাবে ।
পৰিয়ালটোক আশ্ৰয় দিয়াৰ কিছুদিনৰ পাছৰ পৰাই আশ্ৰয় লৈ থকা ভূমিখিনি বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে । লগতে ছাইফুল ইছলামৰ বিৰুদ্ধে এটাৰ পাছত আনটো মিছা অভিযোগ তুলি শাৰাশাস্তি কৰি আহিছে । আৰু যোৱাকালি ছাইফুল ইছলামে নিজেই নিৰ্মাণ কৰি ৰখা অস্থায়ী বাসগৃহটো যেতিয়া খালি কৰিবলৈ গৈছিল তেতিয়াই ভূ-মাফিয়া ৰূপি ৰফিকুল ইছলাম আৰু ওৱাহেদ আলীয়ে ছাইফুল ইছলামৰ লগতে ছাইফুলৰ পৰিয়ালক বেয়াকৈ মাৰধৰ কৰে।
এই ঘটনাত দুয়ো পক্ষৰ কেইবাজনো লোক আহত হয়। আৰু এই ঘটনাৰ পাছতেই উভয় পক্ষই থানাত এজাৰৰ দাখিল কৰিছে। ইফালে আইনৰ ভয়ত বেদখল কৰা ভূমিখিনি খালি কৰি দিছে বেদখলকাৰীয়ে । এই সন্দৰ্ভত চৰকাৰী গাওঁ প্ৰধান আৰু স্থানীয় ৰাইজে কি কয় শুনক।
লগতে পঢ়ক : PMAY scam in Chapar : PMAY গৃহৰ নামত ধন লুন্ঠন সভাপতিৰ