Local, Vocal, Global

বোকাখাতত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ শৰীৰৰ আধা অংশ ভক্ষণ বন্যজীৱৰ

নিউজ ডেক্স ,১৭জুলাই : বোকাখাতত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ । বোকাখাতৰ নিকৰিঘাটৰ সমিপৰ গাভৰুচাপৰিত উদ্ধাৰ কৰা হৈছে অৰ্ধগলিত অচিনাক্ত মৃতদেহটো।

ধনশিৰি নদীয়েদি উটি আহি নিকৰিৰ গাভৰুচাপৰিত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

মৃতদেহটোৰ শৰীৰৰ আধা অংশ বন্যজীৱে ভক্ষণ কৰা বুলি অনুমান কৰে স্থানীয় ৰাইজে।

বোকাখাত আৰক্ষী আৰু কমাৰগাঁৱৰ আৰক্ষীয়ে ঘটনাস্থলীৰ বোকাৰ মাজৰ পৰা অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰে।

উদ্ধাৰ কৰি মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হয়।মৃতদেহটোৰ শৰীৰত পৰিধান কৰা কাপোৰৰ পৰা ধাৰণা কৰা হৈছে মৃতদেহটো পুৰুষৰ বুলি ।

বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃতকজনৰ পৰিচয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।