বৰপেটাৰোডৰ পৰা ড্ৰাগছ সহ আটক এজন যুৱকক

নিউজ ডেক্স ,১৮জুলাই : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ এক্সন অভিযান অব্য়াহত। ইতিমধ্য়ে বহু কেইজন ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।
সোমবাৰে দুপৰীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক আটক কৰে বৰপেটা আৰক্ষীয়ে।
আটক কৰা যুৱকজনৰ নাম বিশাল শীল। ড্ৰাগছ সহ আটক কৰা বিশাল শীলৰ ঘৰ বৰপেটাৰোডৰ বাবুপাৰাৰ শ্যামা পল্লীৰ বুলি জানিব পৰা গৈছে৷
বৰপেটাৰোডৰ বাবলু শীলৰ পুত্ৰ বিশাল শীলে দীৰ্ঘদিনৰে পৰা ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল বুলি গোপন সুত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই আটক কৰে যুৱকজনক ৷
ড্ৰাগছ ব্যৱসায়ী বিশাল শীলৰ পৰা ১৫ টা কন্টেনাৰ ভৰ্তি আটক কৰে আৰক্ষীয়ে ৷ যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে পূৰ্বেও বৰপেটাৰোডত আৰক্ষীয়ে ড্ৰাগছসহ বহু যুৱকক আটক কৰিছিল।