বৰপেটাত ৪০ হাজাৰ মহিলাক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ চেক বিতৰণ
নিউজ ডেস্ক, ৭ ফ্ৰেব্ৰুৱাৰীঃ আজি বৰপেটাত ৪০ হাজাৰ মহিলাক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ চেক বিতৰণ কৰে ৰাজ্য চৰকাৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰে যে, ‘ৰাজ্যৰ মহিলাৰ ক্ৰন্দন মুখ্যমন্ত্ৰীয়ে শুনিছে আৰু সেইমতে মহিলকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে।
ৰাজ্যৰ ৩লাখ আত্মসহায়ক গোটৰ সৈতে জড়িত ৩০লাখ মহিলাই প্ৰতিবছৰে ১লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।এই গোট সমূহৰ সৈতে জড়িত মহিলাসকলৰ দ্বাৰাই ৰাজ্যখনত ৩০ হাজাৰ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলিও আশাবাদী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জনোৱা মতে, আত্মসহায়ক গোটৰ জড়িয়তে বছৰি ৪০ হাজাৰ টকা উপাৰ্জন কৰি আছে ৰাজ্যৰ মহিলাসকলে। এই সংখ্যা ১লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে।