ব্ৰাহ্মণ শিক্ষাৰ্থী সকলক বিনামূলীয়াভাৱে প্ৰদান কৰা হ’ব ভাৰতীয় লোকসেৱা আয়োগ, অসম লোকসেৱা আয়োগৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগীতামূলক পৰীক্ষাৰ
নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী: গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়ৰ সভাগৃহত ‘অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰন্ট’ অসম ৰাজ্যিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। অসম বিভিন্ন প্ৰান্তৰ পৰা অহা সদস্য সকলৰ উপস্থিতিত বহু কেইটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৰ্বসন্মতিক্ৰমে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ১০০ জন ব্ৰাহ্মণ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক গুৱাহাটীস্থিত ‘সুকল্প ফাউণ্ডেচনত’ ভাৰতীয় লোকসেৱা আয়োগ, অসম লোকসেৱা আয়োগ, অসম জুদিছিয়েল চাৰ্ভিছ, অৰুণাচল প্ৰদেশ জুদিছিয়েল চাৰ্ভিছ, মেঘালয় জুদিছিয়েল চাৰ্ভিছ, আৰ.আৰ.বি/এছ.এছ.চি, কোৰিয়াৰ গাইডেঞ্চ আদিৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব। ১০০ জন দৰিদ্ৰ ব্ৰাহ্মণ সন্তানে শিক্ষা গ্ৰহণ কৰাৰ পাছত আকৌ ১০০ জন ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়া হ’ব। প্ৰশিক্ষণত দিব লগা মুঠ খৰছৰ আধা খৰছ অসম ৰাজ্যিক সমিতিয়ে বহন কৰিব আৰু আধা খৰছ প্ৰশিক্ষাৰ্থীয়ে বহন কৰিব লাগিব।
সভাৰ অন্য এক প্ৰস্তাৱ মৰ্মে অহা এপ্ৰিল মাহৰ ২৩ আৰু ২৪ তাৰিখে “অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰন্ট” ৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ’ব। উক্ত আলোচনা সভাত সৰ্বভাৰতীয় পৰ্যায়ৰ আলোচকৰ লগতে অসমৰ বহু গুণী-জ্ঞানী ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। সবিশেষ জানিবৰ বাবে গুৱাহাটীস্থিত সুকল্প ফাউণ্ডেচনত অধ্যক্ষ শ্ৰী বিনয় শীল চৌধুৰীৰ ফোন নং ৭০০২৬-০৫২৬১ ত যোগাযোগ কৰিব পাৰিব।