Local, Vocal, Global

বুধবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব গান্ধী শিল্প বজাৰ

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত আৰু অসম ৰাজ্যিক অনুসুচিত জাতি উন্নয়ণ নিগম লিমিটেডৰ উদ্যোগত বুধবাৰৰ পৰা দহ দিনীয়া কাৰ্যসুচীৰে গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত আৰম্ভ হ’ব গান্ধী শিল্প বজাৰ । যত থাকিব দেশৰ বিভিন্ন ঠাইৰ ১০০ খন বিপণী । এই বিপণী সমুহৰ জৰিয়তে অনুসুচিত জাতিৰ বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিব । এই ধৰণৰ গান্ধী শিল্প বজাৰ পৰৱৰ্তী সময়ত তেজপুৰ আৰু নগাঁওতো অনুষ্ঠিত হ’ব।

দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত অসম ৰাজ্যিক অনুসুচিত জাতি উন্নয়ণ নিগম লিমিটেডৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাস আৰু উপাধ্যক্ষ লক্ষীধৰ সেনচোৱাই এই কথা সদৰি কৰে । অনুসুচিত জাতিৰ মহিলাসকলৰ সামগ্ৰীক উন্নয়ণৰ বাবে নিগমে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসুচীৰ কথা উল্লেখ কৰি সংবাদমেলত অধ্যক্ষ দাসে কয় যে – অনুসুচিত জাতিৰ মহিলা শিল্পীৰ কাৰিকৰী জ্ঞানৰ বাবে অচিৰে ২মহীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব । এই প্ৰশিক্ষণ সমুহ অনুষ্ঠিত হব নগাঁও , তেজপুৰ , শিৱসাগৰ , গুৱাহাটী ,আৰু নলবাৰীত । প্ৰতিটো কেন্দ্ৰত ৪০ গৰাকীকৈ মহিলাক প্ৰশিক্ষণ দি মুঠ ২০০ মহিলা শিল্পীক কাৰিকৰী জ্ঞানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব । প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষিত মহিলা শিল্পীক তাঁতশাল আদি সামগ্ৰী যোগান ধৰা হ’ব ।