বিশ্ব বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত স্থান পালে অসমৰ পাট-মুগাই
নিউজ ডেস্ক, ১৩ ফ্ৰেব্ৰুৱাৰীঃ নিউয়ৰ্ক চহৰৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল অসমৰ পাট-মুগা। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ তথা অসম কন্যা সংযুক্তা দত্তই খোজ দিলে বিশ্বৰ অন্যতম জনপ্ৰিয় নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউজৰ্ক চিটিৰ মানহাটত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন ডিজাইন শ্ব ‘নিউজৰ্ক ফেশ্বন উইক-২০২২’ত এইবাৰ সংযুক্তা দত্তৰ মূল বিষয় হৈছে- “আলফুল” শীৰ্ষক ডিজাইন।”আলফুল” নামৰে সৃষ্টি কৰা এই ডিজাইনত আছে অসমৰ স্বাভিমানৰ প্ৰতীক পাট-মুগাৰে হাতেৰে বোৱা মেখেলা-ছাদৰ,শাৰী, ফ্লই গাউনচ আৰু প্ৰাচ্য-পাশ্বাত্যৰে সংমিশ্ৰণৰ লেহেংগা।
“আলফুল” ফেশ্বন ডিজাইনৰ মূল লক্ষ্য হৈছে- অসমৰ থলুৱা চহকী হস্তশিল্পক আধুনিকতাৰ অপূৰ্ব সংমিশ্ৰণেৰে মহিলাৰ ভিন্নমুখী সাজ-পাৰক বিশ্বৰ দৰবাৰত আগুৱাই নিয়া।
উল্লেখ্য যে, অভিযন্ত্ৰাৰ চাকৰি ত্যাগ কৰি ফেশ্বন ডিজাইনৰ জগতখনত খোজ দিয়া সংযুক্তা দত্তই নিজৰ অন্যন্য প্ৰতিভা আৰু সৃজনশীলতাৰে নিজৰ লগতে ৰাজ্যখনকো উজ্বলাই তুলিবলৈ সক্ষম হৈছে। তাৰোপৰি ডিজাইনাৰ সংযুক্তা দত্তই মুকলি কৰিছে অসমৰ থলুৱা শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ আন এক নতুন পথ।