বিশিষ্ট সাংবাদিক প্ৰতাপ বৰদলৈৰ নৱগ্ৰহত শেষকৃত্য সম্পন্ন

নিউজ ডেস্ক, ১৯ ফ্ৰেব্ৰুৱাৰীঃ জেষ্ঠ্য সাংবাদিক, অসমত টেলিভিছন সাংবাদিকতাৰ অন্যতম বাটকটীয়া তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰতাপ বৰদলৈৰ দেহাৱসান গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে-” অনন্য আৰু শক্তিশালী কণ্ঠেৰে আকাশবাণী আৰু দূৰদৰ্শনৰ শ্ৰোতা-দৰ্শকৰ মাজত এক সূকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা বৰদলৈৰ বিয়োগত সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ৰাজ্যৰ সংবাদ জগতলৈ তেখেতে আগবঢ়াই যোৱা অৱদানৰাজি ষ্মৰণীয় হৈ থাকিব।”
৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা বৰদলৈক নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।