বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ
নিউজ ডেস্ক, ১৭ ফ্ৰেব্ৰুৱাৰীঃ অসম চৰকাৰৰ ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰা হৈছে। মহানগৰীৰ নাৰেঙ্গীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালত আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভণি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে।
উল্লেখ্য যে, মাধ্যমিক শাখাৰ ৩৪খন জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়লৈ বিতৰণ কৰা হ’ব ৩,২২,৫৮,৫৬৪ খন পাঠ্যপুথি। ২০২২-২৩ শিক্ষাবৰ্ষৰ পহিলা দিনতে ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়া হ’ব এই পাঠ্যপুথিসমূহ। ইতিমধ্যে অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা ৰাজ্যৰ ৩৪ জিলালৈ ৰাওনা হৈছে পাঠ্যপুথিভৰ্তি ট্ৰাকসমূহ। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্তকে ধৰি শিক্ষা বিভাগৰ কেইবাগৰাকী বিষয়া।