বাজেট ২০২২-২৩-ত কোনকেইটা সামগ্ৰীৰ বৃদ্ধি আৰু হ্ৰাস পাব
নিউজ ডেস্ক, ১ ফ্ৰেব্ৰুৱাৰীঃ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সদনত ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰে।
ছাটিৰ ক্ষেত্ৰত আবকাৰী শুক্ল ২০ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰে, যাৰফলত ছাটিৰ মূল্য বৃদ্ধি পাব। ইয়াৰোপৰি আমদানিকৃত সামগ্ৰীৰো দাম বৃদ্ধি পাব।
ইপিনে মোবাইল ফোন, মোবাইল ফোনৰ চাৰ্জাৰ, কাপোৰ, ছামৰাৰে নিৰ্মিত সামগ্ৰী, হীৰা, আধুনিক গহণা ইত্যাদিৰ মূল্য হ্ৰাস পাব।
গহণাকে ধৰি হীৰা আদিৰ আবকাৰী শুক্ল ৫ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কৃষি খণ্ডত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ মূল্যও হ্ৰাস পাব বুলি বাজেট ভাষণত বিত্ত মন্ত্ৰীয়ে সদৰী কৰে। লগতে ৰাসায়নিক সামগ্ৰী,সূতা,হস্পিটেলত ব্যৱহৃত সামগ্ৰী, ঔষধ আদিৰো মূল্য হ্ৰাস পাব।